অধিক উৎপাদনশীলতা আৰু শক্তিশালী প্ৰদৰ্শনৰ সৈতে পিক আপচ্ পৰিসৰৰ বাহন সমূহৰ ভিতৰত টাটা ইণ্ট্ৰা পিক আপে এক নতুন মানদণ্ড গঢ়ি তুলিছে। এক ডাঙৰ আৰু বহল বোজা উঠাব পৰা ঠাইৰ সৈতে সু-সজ্জিত এই বাহনে অনায়াসে সামগ্ৰী উঠোৱা আৰু নমোৱা সুবিধা প্ৰদান কৰি ইণ্ট্ৰা শৃংখলাৰ বাহনে পৰিবহণ ব্যৱসায়ী সকলক উন্নত সুবিধা প্ৰদান কৰে। দীঘ্লীয়া যাত্ৰা আৰু অধিক ভাৰ বহনৰ বাবে উপযোগী টাটা ইণ্ট্ৰা V50, V30 আৰু V10 বাহন সমূহে বৰ্ধিত উপাৰ্জন, নিম্ন মেৰামতিৰ খৰছ (টিচিও) আৰু তৎকালীন আৰ ও আই প্ৰদান কৰে।
ইণ্ট্ৰা পিকআপে উৎকৃষ্ট চাচ্পেনচ্ন আৰু উন্নত গ্ৰেডেবিলিটি প্ৰদান কৰি ওখোৰা-মোখোৰা ভূ-ভাগ, উৰণীয়া সেতু আৰু ঠেক পথ সমূহ সহজে পাৰ কৰাত সহায় কৰে। চেচিছ্ ফ্ৰেম সমূহ হাইড্ৰ্ফৰমিং প্ৰক্ৰিয়াৰ দ্বাৰা সাজি উলিওৱা হয় আৰু কম সংখ্যক ৱেল্ডিং জোৰাই নিম্ন এন ভি এইচ ৰ সৈতে উচ্চ গাঠনিগত শক্তি সুনিশ্চিত কৰে আৰু ইয়ে বিশেষভাবে পাৰদৰ্শিতা বৃদ্ধি কৰে। বিভিন্ন কাৰ্য্যত ব্যৱহাৰৰ উপযোগী টাটা ইণ্ট্ৰা V10, V30 আৰু V50 বিএচ 6 এ নিম্ন চোৱা-চিতাৰ খৰছ, অধিক আয় আৰু মুনাফা বৃদ্ধি কৰি সম্পূৰ্ণ মানসিক শান্তি প্ৰদান কৰে।
ইণ্ট্ৰা পৰিসৰৰ বাহনে গ্ৰাহকক ইঞ্জিনৰ শক্তি, টৰ্ক, বোজা কঢ়িয়াব পৰা শৰীৰৰ দৈৰ্ঘ্য আৰু ভাৰ বহনৰ বিভিন্ন বিকল্প প্ৰদান কৰে। ইণ্ট্ৰা V50 হ’ল বিভিন্ন কামত লগাব পৰা বহুমুখী গুনেৰে সমৃদ্ধ আদৰ্শ পিক আপ। এই শ্ৰেনীৰ বাহন সমূহৰ ভিতৰত ইয়াৰ আটাইতকৈ অধিক বোজা উঠাব পৰা শৰীৰৰ দৈৰ্ঘ্য আৰু ইয়াৰ ক্ষিপ্ৰ অহা যোৱাৰ সময়। ই ছুটি আৰু দিঘলীয়া উভয় প্ৰকাৰৰ ভ্ৰমণ ক্ষিপ্ৰ গতিত সম্পন্ন কৰে।
We would be glad to be of service to you. We look forward to your suggestions and feedback. Kindly fill up the form below.