Skip to main content
Sampoorna Seva 2.0

সম্পূৰ্ণ সেৱা 2.0

টাটা মটৰচ্‌ত আমি কেৱল বিশ্বস্তৰীয় ট্ৰাকৰ সৈতে আপোনাৰ ব্যৱসায় শক্তিশালী কৰাই নহয় বৰঞ্চ ব্যতিক্ৰমি সেৱাৰ জৰিয়তে আপটাইম আৰু বাধাহীন প্ৰদৰ্শন সুনিশ্চিত কৰো। এই কাৰণেই টাটা মটৰচ্‌ ট্ৰাক সা-সুবিধাৰে সু-সজ্জিত যিয়ে নেকি সেৱা আৰু পথৰ দাঁতিৰ সহায়তাৰ পৰা বীমালৈকে সকলো সামৰি লয়। একেবাৰে নতুন সম্পূৰ্ণ সেৱা 2.0 মনৰ শান্তিৰ বাবে সাজি উলিওৱা হৈছে যাতে আপুনি আপোনাৰ বিকাশৰ বাবে অধিক আৰু চোৱাচিতাৰ বাবে কম সময় দিলেওঁ হয়।

টাটা মটৰচ্‌ৰ সম্পূৰ্ণ সেৱা আপোনাৰ ব্যৱসায়ৰ বাবে এক সম্পূৰ্ণ যত্ন পেকেজ। ই আপুনি বাহন ক্ৰয় কৰাৰ পৰাই আৰম্ভ হয় আৰু ই ভ্ৰমণৰ প্ৰতিটো খোজতে আপোনাৰ সৈতে থাকে। লাগিলে ই বীমাই হঁওক নতুবা ব্ৰেকডাউন, পুৰস্কাৰ নতুবা প্ৰকৃত স্পেয়াৰ, পুনৰ বিক্ৰী বা ৱাৰেণ্টি, সম্পূৰ্ণ সেৱা 2.0এ এই সকলোবোৰ সামৰি লয়।

যোৱা বছৰ আমাৰ কেন্দ্ৰত অহা 6.5 মিলিয়ন গ্ৰাহকে আগবঢ়োৱা মতামত সংগ্ৰহ আৰু বিশ্লেষণ কৰি সম্পূৰ্ণ সেৱা 2.0 সাজি উলিওৱা হৈছে। সদায় গ্ৰাহকৰ প্ৰয়োজনীয়তা পুৰণৰ উদ্দেশ্য আগত ৰাখি যাত্ৰা পথত যাতে কোনো অসুবিধা নোহোৱাকৈ আগবাঢ়ি যাব পাৰি সেই কথা মনত ৰাখি সা- সুবিধা সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

অতিৰিক্তভাৱে, আপুনি টাটা মটৰচ্‌ৰ বিশাল নেটৱৰ্কৰ সা-সুবিধা লাভ কৰিব। 29 খ্ন ৰাজ্যৰ সেৱা কাৰ্য্যালয় সমূহ সামৰি থকা 1500 চেনেল পাৰ্টনাৰ, 250ত কৈও অধিক টাটা মটৰচ্‌ৰ অভিযন্তা, আধুনিক স-সুবিধাৰে সু-সজ্জিত 24x7 মোবাইল ভান আপোনাক যত যেতিয়া যেনেভাবে লাগে তেনেধৰণৰ সহায়তা প্ৰদান কৰিবৰ বাবে সদায় সাজু হৈ থাকে।

মুঠতে টাটা মটৰচ্‌ প্ৰতিটো খোজত আপোনাৰ সৈতে

মূল বৈশিষ্ট্য সমূহ

এই ৱাৰেণ্টিৰ মুল কথাটো হ’ল এইয়ে যে দেশজুৰি থকা 1500ত কৈও অধিক টাচ্‌ পইণ্ট। টাটা মটৰচ্‌ ডিলাৰশ্বিপ আৰু সেৱা নেটৱৰ্কৰ সুবিধা সমূহে আপোনাক দক্ষ আৰু নিৰ্ভৰযোগ্য সেৱা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।